Thursday 16 October 2014

DAPUN (দাপোন) .....an expression from "Debajit Saikia"



DAPUN (দাপোন) .....
this is a poem by Debajit Saikia.
He is a Senior Software Engineer, based in Bangalore. Writing is his Hobby, expression of his feelings in lucid words makes his poems vivid and worth reading. “Dapun” – an Assamese Poem….is the reflection of the same !
["DAPUN" --is an Assamese word, means "Mirror". ] 

দাপোন

 

নিজকে বিচাৰিচাইছো আজি থিয়হৈ দাপোনৰ কাষতে

ৰোমন্থন কৰিছো এবাৰ এৰি অহা অতীতৰ স্মৃতিকে

দাপোনেই আছিল এসময়ত মোৰ মৰমৰ একমাত্র সখা

পাতিছিলো প্রায়ে তাৰে লগত বহুতো গোপন কথা

 

দাপোনৰ লগত চিনাকি মোৰ বহু সময় আগতে

প্রেমৰ ৰঙীন অনুভুতি বোৰ মই বুজিব পৰা ক্ষণতে

আনন্দতে মই চিঙিছিলো তেতিয়া গোলাপৰ কুমলীয়া পাহি

তাকে চাই মাৰিছিলে কতবাৰ দাপোনে মিচিকীয়া হাঁহি

 

দাপোনৰ লগত বাক্যলাপত আজি হৈছে মোৰ বৰ কষ্ট

ময়লাৰে দাপোনখন নহয়যে এতিয়া অকনো স্পষ্ট

নিস্কলংকবিহীন দাপোনখন চাই কিয়যে মনত পৰানাই অল্প

সৰুতে শুনা জ্যোতিপ্ৰসাদৰ কবিতা অথবা বুঢ়ী আইৰ গল্প

 

দাপোনে ছটিয়াব খুজিছিল মৰমবোৰ, হৈ মোৰ জীৱনৰ লগৰী

মোৰ বাবে নাই হেনো আজি আকৌ তাৰ অলপো আজৰি

সাজিছিলো সপোনৰ বহুতো পজাঘৰ মই দাপোনৰ লগতে

কিন্তু জাহ যাব সকলোবোৰ এতিয়া দাপোনৰ গুপুত বুকুতে

 

দাপোনখন হেনো হৈপৰিছে এতিয়া বৰ ক্লান্ত

দিব নোৱাৰে আৰু সি মোক জীৱনৰ মন্ত্র

কিন্তু দাপোন অবিহনে কোনে মোৰ সপোনৰ ৰামধেনু ৰচিব

সেয়েহে ভাবিছো, এখন নতুন দাপোনকে আকৌ কিনিব লাগিব  !!!

 

 

 
********************************************************
POEM #002
Copyright©HOBS 2014





No comments:

Post a Comment